চলোমনে নিজৰ ইচ্ছামতে সকলো কৰিলে, কিন্তু শেষত তেওঁ ক’লে, “সকলোৱেই অসাৰ!” আৰু মহান আলেকজেণ্ডাৰেও স্বীকাৰ কৰা মতে, মৃত্যু আহিলে মানুহ খালী হাতেৰে উভতি যায়। সেয়েহে, আমি এই পৃথিৱীৰ ক্ষণিকৰ আনন্দ-সুখত সন্তুষ্ট নহৈ, বৰঞ্চ ঈশ্বৰক ভয় কৰি আৰু তেওঁৰ আজ্ঞা পালন কৰি অনন্ত স্বৰ্গ-ৰাজ্যৰ বাবে জীয়াই থকা উচিত। জ্ঞানীৰ দৰে জীয়াই থকা মানেই হ'ল, স্বৰ্গ-ৰাজ্যত চিৰকাললৈকে পোৱা সুখৰ বাবে জীয়াই থকা।
মানৱজাতিয়ে এনে বাছনি কৰিব লাগে, যাতে এই পৃথিৱীত বিশ্বস্তভাৱে থাকি স্বৰ্গত ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰে। ঈশ্বৰৰ মণ্ডলীৰ সদস্যসকলে, স্বৰ্গ-ৰাজ্য আৰু অনন্ত জীৱনৰ প্ৰস্তুতিৰ বাবে, বিশ্ৰাম-দিন আৰু সাতটা বাৰ্ষিক উৎসৱ পালন কৰে আৰু সৎকৰ্মৰ দ্বাৰা ঈশ্বৰৰ মহিমা কৰে।
আৰু ধুলি আগৰ দৰে মাটিত লীন নৌ হওঁতেই, আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নৌ যাওঁতেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা। উপদেশকে কৈছে, অসাৰৰ অসাৰ, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।. . . আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম। উপদেশক ১২:৭–৮, ১৩
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy