এলিয়াই অকলে ৮৫০ জন মিছা-ভাববাদীসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল; ল’ৰা দায়ূদে দৈত্যাকাৰ গলিয়াৎক পৰাস্ত কৰিছিল; গিদিয়োনৰ ৩০০ যোদ্ধাই ১,৩৫,০০০ মিদিয়ন সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিছিল; ইস্ৰায়েলীসকলে ৪০ বছৰ ধৰি মৰুভূমিত কষ্ট পাইছিল আৰু প্ৰথম মণ্ডলীৰ সন্তসকলে তাড়না আৰু শ্বহীদলৈ ভ্ৰূক্ষেপ নকৰি শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। বিপদৰ মাজত তেওঁলোকৰ হৃদয় পৰিশোধিত হৈছিল আৰু তেওঁলোকৰ বিশ্বাস ঈশ্বৰৰ দ্বাৰা অনুমোদিত হৈছিল; শেষত তেওঁলোকে বিজয়ৰ মহিমা লাভ কৰিছিল।
ঈশ্বৰে আগতেই দেখিছিল যে তেওঁৰ সন্তানসকলে কষ্ট পাব আৰু চয়তানৰ পৰা বাধাৰ সন্মুখীন হ’ব। তথাপিও, পৰিশোধনৰ জৰিয়তে, তেওঁ নিজৰ সৰ্বশক্তিমান শক্তিৰে তেওঁলোকৰ বাবে অলৌকিক কাৰ্য্য কৰাৰ আগতে, প্ৰথমে তেওঁলোকক তেওঁৰ প্ৰতি শ্ৰদ্ধা, লগতে বিশ্বাস, আশা, প্ৰেম, আৰু বেয়াক প্ৰত্যাখ্যান কৰি ভালক অনুসৰণ কৰা এক আত্মা গঢ়ি তুলিবলৈ পৰিচালিত কৰিছিল।
ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় পৰিক্ষা কৰে। হিতোপদেশ ১৭:৩
মোৰ কল্পনা থিৰে থাকিব, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম, এই বুলি, শেষত ঘটিব লগীয়া কথা আদিৰে পৰা, আৰু এতিয়াও যি সিদ্ধ হোৱা নাই, সেইবোৰ পুৰণি কালৰ পৰা প্ৰকাশ কৰি আহিছোঁ।” যিচয়া ৪৬:১০
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy