মৰুভূমিত ৪০ বছৰ থকাৰ পিছত ইস্ৰায়েলীসকলক অৱশেষত আশীৰ্বাদ দিয়াৰ যেনেকৈ ঈশ্বৰৰ এক মহান উদ্দেশ্য আছিল, আজিও ঈশ্বৰে আমাৰ বিশ্বাসৰ পথত কষ্ট আৰু বাধা দিব পাৰে, কিন্তু তেওঁৰ চূড়ান্ত উদ্দেশ্য হৈছে আমাৰ আত্মাক সিদ্ধ কৰা আৰু আমাক স্বৰ্গ-ৰাজ্যৰ আশীৰ্বাদ প্ৰদান কৰা।
পৃথিৱীখন এখন আধ্যাত্মিক কাৰাগাৰ, য'ত স্বৰ্গৰ স্বৰ্গদূতসকলে ভয়ানক পাপ কৰি জীয়াই থাকিবলৈ নামি আহিছিল। সেইবাবেই এই পৃথিৱীত শান্তি আৰু সুখৰ মুহূৰ্ততকৈ বেদনা আৰু দুখ-কষ্টৰ মুহূৰ্ত বেছিকৈ ঘটে। মানৱজাতিৰ এই পাপবোৰ মচি পেলাবলৈ, ঈশ্বৰে ক্ৰুচত নিজৰ তেজ বোৱালে আৰু নতুন নিয়মৰ নিস্তাৰ-পৰ্ব্বৰ যোগেদি আমাৰ বাবে স্বৰ্গ-ৰাজ্যলৈ উভতি যোৱাৰ পথ মুকলি কৰিলে, যিটো পাপৰ ক্ষমাৰ পথ।
তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়। দ্বিতীয় বিবৰণ ৮:১৬
কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।” লূক ১৯:১০
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy