বাইবেলত লিপিবদ্ধ ঈশ্বৰৰ প্ৰতিটো বাক্য বিফল নোহোৱাকৈ পূৰ্ণ হয়। বাইবেলে ২,০০০ বছৰ আগতে অহা যীচুৰ বিষয়ে সাক্ষ্য দিছিল, আৰু ই পবিত্ৰ আত্মাৰ যুগত খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰৰ দ্বাৰা সম্পন্ন হ’বলগীয়া পৰিত্ৰাণৰ কাৰ্যৰ বিষয়ে সাক্ষ্য দিয়ে, যিসকলে আত্মা আৰু কন্যা হিচাপে আহিছে।
বাইবেলে ভৱিষ্যদ্বাণী কৰিছে যে পৰিত্ৰাণ পাবলগীয়া লোকসকল—যিসকলৰ চয়তানৰ দ্বাৰা শাসিত এই জগতত বিজয়ী হোৱাৰ বিশ্বাস আছে—তেওঁলোক হৈছে ‘তিৰোতাৰ অৱশিষ্ট বংশধৰ, যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে।’ ই লগতে সাক্ষ্য দিয়ে যে তেওঁলোকে, ইচহাকৰ দৰে, মাতৃৰ দ্বাৰা স্বৰ্গ-ৰাজ্যৰ উত্তৰাধিকাৰ লাভ কৰিব।
আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে... যোহন ৫:৩৯
সেই মহানাগক, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল। তাতে সেই তিৰোতালৈ সেই নাগটোৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰিবলৈ গ’ল। প্ৰকাশিত বাক্য ১২:৯, ১৭
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy