যীচুৱে নিজেই প্ৰচাৰৰ যোগেদি মানৱজাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ এক আদৰ্শ স্থাপন কৰিলে। তেওঁ আমাক নতুন নিয়মৰ কৰ্মীসকল হোৱাৰ কাৰ্য্যভাৰ দি কৈছিল, “জগতক উদ্ধাৰ কৰা।” গতিকে, আমি এচৌৰ দৰে হ’ব নালাগে, যিজনে কেৱল নিজৰ ইচ্ছামতে কাম কৰিছিল, কিন্তু যাকোবৰ দৰে হ’ব লাগে, যিজনে প্ৰথমে যি কৰা উচিত সেয়া কৰিছিল। তেতিয়াহে আমি ঈশ্বৰে দিয়া আশীৰ্বাদ লাভ কৰিব পাৰিম।
যিসকলে নিজৰ কৰ্তব্য পালন কৰে আৰু যিসকলে নকৰে, তেওঁলোকৰ পৰিণাম স্বৰ্গ-ৰাজ্য আৰু নৰকৰ মাজৰ পাৰ্থক্যৰ দৰে। যিদৰে পবিত্ৰ আত্মাৰ আচৰিত কাৰ্য্য সদায় যীচুৰ দৰে প্ৰচাৰৰ জীৱন-যাপন কৰা পাঁচনিসকলৰ লগত আছিল, ঠিক তেনেদৰে এতিয়া আমাৰ কৰ্তব্য হৈছে খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰৰ পৰিত্ৰাণ ঘোষণা কৰা।
তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে। সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে। ২ কৰিন্থীয়া ৩:৬
তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”। মাৰ্ক ১:৩৮
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy