যিসকলে ঈশ্বৰত বিশ্বাস কৰে, তেওঁলোকে ঈশ্বৰৰ শিক্ষা অনুসাৰে অৱশ্যেই ‘পঁজা-পৰ্ব্ব’ পালন কৰিব লাগে। কাৰণ ঈশ্বৰে ভাববাদী জখৰিয়াৰ যোগেদি কৈছিল যে যিসকলে পঁজা-পৰ্ব্ব পালন কৰে, তেওঁলোকক তেওঁ পবিত্ৰ আত্মা দিব আৰু যিসকলে পালন নকৰে, তেওঁলোকক দণ্ড দিব।
তেওঁৰ প্ৰথম আগমনত যীচুৱে পবিত্ৰ আত্মা দিছিল; তেওঁৰ দ্বিতীয় আগমনত আত্মা আৰু কন্যাই পঁজা-পৰ্ব্বত পবিত্ৰ আত্মা দিয়ে। বাইবেলৰ ভৱিষ্যদ্বাণীবোৰ, “আত্মা আৰু কন্যাই জীৱন-জল দিয়ে,” “যিৰূচালেমৰ পৰা জীয়া পানী ওলাব,” আৰু “জীৱন-জলৰ নদী ঈশ্বৰৰ সিংহাসনৰ পৰা ওলায়,” এই সকলোবোৰে ভৱিষ্যদ্বাণী কৰে যে যিৰূচালেম স্বৰ্গীয় মাতৃয়ে মানৱজাতিক পবিত্ৰ আত্মা আৰু জীৱনলৈ পৰিচালিত কৰা শিক্ষাসমূহ দিব।
...ইহুদীসকলৰ পঁজা-পৰ্বৰ সময় প্রায় ওচৰ চাপিছিল। পৰ্বৰ শেষৰ দিন – যিদিনটো পর্বৰ প্ৰধান দিন, সেই দিনা যীচুৱে থিয় হল, আৰু বৰ মাতেৰে ক’লে... যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।” যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে... যোহন ৭:২–৩৯
আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা।” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। প্ৰকাশিত বাক্য ২২:১৭
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy