ঈশ্বৰে পবিত্ৰ কেলেণ্ডাৰৰ সপ্তম মাহৰ প্ৰথম দিনটোক শিঙা বজোৱা পৰ্ব্ব হিচাপে নিযুক্ত কৰিলে, যাতে আমি প্ৰায়শ্চিত্তৰ দিনটো স্মৰণ কৰোঁ, যি সময়ত তেওঁ মূৰ্তিপূজাত পতিত হোৱা ইস্ৰায়েলীসকলৰ পাপ ক্ষমা কৰি তেওঁলোকক দহটা আজ্ঞাৰ দ্বিতীয় খন ফলি প্ৰদান কৰিছিল। তদুপৰি, যেনেকৈ শিঙা বজোৱা পৰ্ব্বত অনুতাপৰ বাবে শিঙা বজোৱা হৈছিল, ঠিক তেনেকৈ যীচুৱেও এই পৃথিৱীলৈ আহি “অনুতাপ কৰা” বুলি কৈ মানৱজাতিক অনুতাপ কৰিবলৈ আহ্বান জনাইছিল।
যেনেকৈ আমি উৰণীয়া পুত্ৰৰ দৃষ্টান্তত আৰু যোনাই নীনবিত ১,২০,০০০ লোকক পৰিত্ৰাণৰ দিশত লৈ যোৱাৰ বিৱৰণীত দেখিবলৈ পাওঁ, অনুতাপৰ কাৰ্যৰ পিছত ঈশ্বৰৰ পৰা মহান আশীৰ্বাদ সদায় যুগুত কৰা হয়। আজিও, আমি জগতৰ ফালে ঘূৰোৱা আমাৰ চকু আৰু হৃদয়ৰ বাবে যোনাৰ দৰে সম্পূৰ্ণ অনুতাপ লাভ কৰিব লাগিব, আৰু সমগ্ৰ বিশ্বক খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাই শিঙা বজাব লাগিব।
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা,‘সপ্তম মাহৰ প্ৰথম দিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন, শিঙা বজাই সোঁৱৰণ কৰোওৱা দিন আৰু পবিত্ৰ সভা হব।
“এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।”
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy