যেনেকৈ ঈশ্বৰে চূফ সাগৰক বিভাজিত কৰিবলৈ আৰু শিলৰ পৰা পানী উলিয়াবলৈ, ভেড়াৰখীয়াৰ লাখুটি ব্যৱহাৰ কৰিছিল, তেনেকৈ ঈশ্বৰৰ হাতত যি আছে, সেইটোৱে সদায় মহাশক্তি প্ৰয়োগ কৰে।
আজি চমৰিয়াত আৰু পৃথিৱীৰ শেষলৈকে শুভবাৰ্তা প্ৰচাৰ কৰাৰ মিছন লাভ কৰা ঈশ্বৰৰ মণ্ডলীৱে কেৱল ব্যক্তিগত প্ৰচেষ্টাৰে নহয়, ঈশ্বৰৰ শক্তিৰ দ্বাৰা বিশ্বব্যাপী শুভবাৰ্তা সম্পন্ন কৰি আছে।
যেনেকৈ চিমচোনে গাধৰ গালৰ হাড়েৰে হাজাৰ ফিলিষ্টীয়াক পৰাস্ত কৰিছিল, দৈত্য গলিয়াথৰ বিৰুদ্ধে যুঁজ দিয়া সৰু ল’ৰা দায়ূদৰ দৰে আৰু মাছমৰীয়া পিতৰ, যোহন আৰু যাকোবৰ দৰে এই যুগত খ্ৰীষ্ট আনছাংহং আৰু মাতৃ ঈশ্বৰত বিশ্বাস কৰা আৰু স্বৰ্গৰাজ্যৰ আশা কৰাসকলে মহান ইতিহাস ৰচনা কৰিছে।
কিয়নো, হে ভাইবিলাক, তোমালোকে নিজৰ আমন্ত্ৰণলৈ মন কৰি চোৱা, মাংস অনুসাৰে জ্ঞানী, শক্তিমন্ত আৰু ভদ্ৰ লোক অনেক নাই। কিন্ত ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ, জগতৰ মূৰ্খতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে, আৰু বলৱন্তক লাজ দিবলৈ, ঈশ্বৰে জগতৰ দুৰ্ব্বলতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে..... ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে। ১ কৰিন্থীয়া ১:২৬–২৯
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy