এই যুগত, ভৱিষ্যদ্বাণী অনুসৰি খ্ৰীষ্ট আনছাংহোং এই পৃথিৱীলৈ আহি ঈশ্বৰৰ মণ্ডলী প্ৰতিষ্ঠা কৰিলে, আৰু “মই মাতৃক অনুসৰণ কৰোঁ” বুলি কৈ স্বৰ্গীয় মাতৃ যিৰূচালেমক প্ৰকাশ কৰিলে। ঠিক ভৱিষ্যদ্বাণীৰ দৰেই, স্বৰ্গীয় মাতৃ যিৰূচালেমৰ মহিমা এই অন্ধকাৰ জগতত আশাৰ পোহৰ হৈ পৰিছে।
সদস্যসকলে এইটো ঈশ্বৰৰ দ্বাৰা পৰিচালিত শুভবাৰ্তা বুলি বিশ্বাস কৰি যিৰূচালেমৰ পোহৰ বিলোৱাত, সমগ্ৰ বিশ্বৰ বিভিন্ন ভাষা আৰু সংস্কৃতিৰ লোকসকলে চিয়োনলৈ উভতি আহিবলৈ খৰখেদা কৰিছে। ভৱিষ্যদ্বাণীবোৰ বিশ্বাস কৰা আৰু স্বৰ্গীয় মাতৃ যিৰূচালেমৰ মহিমা প্ৰকাশ কৰা তেওঁৰ সন্তানসকলক ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা পূৰণ কৰে: “তেওঁলোকে ইয়াক চিৰকালৰ অধিকাৰী হ’ব—হয়, চিৰকাললৈকে।”
কাৰণ চোৱা, আন্ধাৰে পৃথিৱী আৰু ঘোৰ অন্ধকাৰে লোক সমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব। আৰু জাতিবিলাক তোমাৰ পোহৰৰ ওচৰলৈ, আৰু ৰজাবিলাক তোমাৰ উদয় হোৱা দীপ্তিৰ গুৰিলৈ আহিব। যিচয়া ৬০:২–৩
কিন্তু সৰ্ব্বোপৰি জনাৰ পবিত্ৰ লোকবিলাকে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব। দানিয়েল ৭:১৮
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy