যিহেতু যীচু এজন মানুহ হিচাপে আহিছিল, মানুহৰ খাদ্য খাইছিল, আৰু মানুহৰ দৰেই জীৱন-যাপন কৰিছিল, সেয়েহে অগণন লোকে তেওঁক ঈশ্বৰ বুলি চিনিব নোৱাৰি তেওঁক অগ্ৰাহ্য কৰিছিল। সেইবাবেই বাইবেলে আমাক এই শিক্ষা দিয়ে যে, “যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;” আৰু যি আত্মাই এই কথা স্বীকাৰ নকৰে, সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ আত্মা।
পবিত্ৰ আত্মাৰ যুগত, মানৱ জাতিক পৰিত্ৰাণ দিবলৈ খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰ আহিছে। মানৱ জাতিয়ে ঈশ্বৰৰ পৰা পৰিত্ৰাণৰ আশীৰ্বাদ পাবলৈ হ'লে, তেওঁলোকে প্ৰথমে নিজৰ ধাৰণাবোৰ ত্যাগ কৰি বাইবেলৰ এই ভৱিষ্যদ্বাণীত বিশ্বাস কৰিব লাগিব, য'ত কোৱা হৈছে যে ঈশ্বৰ দ্বিতীয়বাৰ মাংসত আহিব।
তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু; ১ তীমথিয় ২:৪–৫
আপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ; আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ আত্মা। এই বিষয়ে আপোনালোকে শুনিছে, . . . ১ যোহন ৪:২–৩
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy