২০০০ বছৰ আগতে যীচুৱে পৰিত্ৰাণ প্ৰদান কৰিবলৈ আৰু নতুন নিয়মৰ নিস্তাৰ-পৰ্ব্ব প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীলৈ অহা মণ্ডলী আৰু পাঁচনি পৌল, পিতৰ আৰু যোহনৰ দৰে প্ৰথম মণ্ডলীৰ সন্তসকলে যি মণ্ডলীত অংশগ্ৰহণ কৰিছিল, সেইখন আছিল ঈশ্বৰৰ মণ্ডলী। কিন্তু চতুৰ্থ শতিকাৰ আশে-পাশে ঈশ্বৰৰ নিয়ম বিলুপ্ত কৰা হয় আৰু পৌত্তলিক প্ৰথাই গীৰ্জাত অনুপ্ৰৱেশ কৰে। পৰিত্ৰাণৰ পোহৰ নোহোৱা হৈ গ’ল আৰু অন্ধকাৰ যুগ আৰম্ভ হ’ল।
বাইবেলৰ ভৱিষ্যদ্বাণী অনুসৰি খ্ৰীষ্ট আনছাংহঙে ১৯৬৪ চনত কোৰিয়াত ঈশ্বৰৰ মণ্ডলী প্ৰতিষ্ঠা কৰিছিল আৰু বাইবেল আৰু ভাববাদীসকলৰ ভিত্তিমূলৰ ওপৰত প্ৰতিষ্ঠা কৰি নতুন নিয়মৰ নিস্তাৰ-পৰ্ব্বৰ সত্যতাৰে মণ্ডলীক নেতৃত্ব কৰিছিল। তেওঁ নিজৰ সন্তানসকলৰ আগত মানৱজাতিক উদ্ধাৰ কৰিবলৈ এই পৃথিৱীলৈ অহা মাতৃ ঈশ্বৰৰ বিষয়ে সাক্ষ্য দিছিল, এইদৰে কৈছিল, “পিতৰে যীচুক অনুসৰণ কৰিছিল, আৰু মই মাতৃক অনুসৰণ কৰোঁ।”
কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; অর্থাৎ খ্রীষ্ট যীচুত পবিত্র কৰা যি যি আমন্ত্রিত পবিত্ৰ লোক আছে, তেওঁবিলাকৰ, আৰু সকলো ঠাইতে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰা, সকলো লোকৰ সমীপলৈ। ১ কৰিন্থীয়া ১:২
আৰু খ্ৰীষ্ট যীচু স্বয়ং চুকৰ প্রধান শিলস্বৰূপে থকা, পাঁচনি আৰু ভাৱবাদীবিলাকৰ ভিত্তিমূলত তোমালোক গঁথা হৈছা। ইফিচীয়া ২:২০
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy