মানৱজাতিৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে আমাক বাইবেল দিলে আৰু নতুন নিয়মৰ বিধি প্ৰতিষ্ঠা কৰিলে। যেনেকৈ চলোমনে মাতৃৰ প্ৰেমৰ প্ৰবৃত্তিৰ দ্বাৰা শিশুটিৰ প্ৰকৃত মাতৃ কোন সেইটো নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল, এই যুগত ঈশ্বৰে আজ্ঞা দিয়া নতুন নিয়ম পালন কৰাসকলক তেওঁৰ নিৰ্বাচিত সন্তান হিচাপে চিনি পায় আৰু তেওঁলোকক পৰিত্ৰাণৰ আশীৰ্বাদ প্ৰদান কৰে।
আজি ঈশ্বৰৰ মণ্ডলীৱে খ্ৰীষ্ট আনছাংহং আৰু নতুন যিৰূচালেম স্বৰ্গীয় মাতৃৰ নিৰ্দেশনা অনুসৰণ কৰে। তেওঁলোকে হেৰাই যোৱা নতুন নিয়ম যেনে বিশ্ৰামবাৰ আৰু নিস্তাৰ-পৰ্ব্বৰ পুনৰুদ্ধাৰ কৰিলে আৰু আমাৰ আত্মাৰ পৰিত্ৰাণৰ বাবে প্ৰয়োজনীয় সকলো শিক্ষা আমাক দিলে, যিটো আমাৰ বিশ্বাসৰ লক্ষ্য। এই কাৰণেই কেৱল ঈশ্বৰৰ মণ্ডলীতে পৰিত্ৰাণৰ প্ৰতিজ্ঞা আছে।
যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা অপৰাধৰ, এনে কি চাৰিটা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি অসাৰ বস্তুবোৰৰ পাছত চলিছিল, সেইবোৰে তেওঁলোকক ভ্ৰমত পলালে। আমোচ ২:৪
তেওঁক তোমালোকে দেখা নাই, তথাপি প্ৰেম কৰিছা; আৰু এতিয়াও নেদেখিও, তেওঁত বিশ্বাস কৰি, অনির্বচনীয় আৰু প্ৰভাৱযুক্ত আনন্দেৰে উল্লাস কৰিছা। আৰু তোমালোকৰ বিশ্বাসৰ শেষ, অৰ্থাৎ জীৱাত্মাৰ পৰিত্ৰণ পোৱা হৈছা। ১ পিতৰ ১:৮–৯
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy