ঈশ্বৰে স্বৰ্গীয় নাগৰিকত্ব থকাসকলক এনে এক হৃদয়েৰে সৃষ্টি কৰিলে যি বিশ্ৰাম-দিন, নিস্তাৰ-পৰ্ব্ব আৰু তিনিবাৰত সাতটা পৰ্ব্বক আদৰ কৰে, যাতে তেওঁলোকে তেওঁৰ ব্যৱস্থা পালন কৰে। এতেকে, যিসকলে ওঁঠেৰে ঈশ্বৰক মাতে কিন্তু ঈশ্বৰৰ ব্যৱস্থাৰ পৰিৱৰ্তে সূৰ্য্য দেৱতাৰ ব্যৱস্থা পালন কৰে, তেওঁলোকক তেওঁলোকৰ পাপৰ বিষয়ে এইবুলি কৈ সতৰ্ক কৰে: “মই তোমালোকক চিনি নাপাওঁ।”
গোটেই পৃথিৱী সলনি হ’লেও, কেতিয়াও পৰিৱৰ্তন নোহোৱা একমাত্ৰ বস্তুটো হ’ল ঈশ্বৰৰ ব্যৱস্থা। ২,০০০ বছৰৰ আগতে যীচুৱে নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, আৰু পবিত্ৰ আত্মাৰ যুগত খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰেও ইয়াক পালন কৰিছে। নিস্তাৰ-পৰ্ব্ব পালন কৰি তেওঁলোকৰ আৰ্হি অনুসৰণ কৰাটোৱেই হৈছে ঈশ্বৰ-কেন্দ্ৰিক সঠিক বিশ্বাস।
যি সকলে মোক‘প্ৰভু প্ৰভু’বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব। তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম,‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’। মথি ৭:২১–২৩
...কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব... তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব। গণনা পুস্তক ৯:১৩
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy