সকলো মানৱজাতি জীয়াই থকাৰ গভীৰ আকাংক্ষাৰে ঈশ্বৰে নিস্তাৰ-পৰ্ব্বৰ মহান প্ৰতিজ্ঞা স্থাপন কৰিলে। ক্ৰুচত মৃত্যুৰ আগৰ নিশা তেওঁ আমালৈ তেওঁৰ অন্তিম ইচ্ছা এৰি থৈ গ’ল আৰু আজ্ঞা দিলে, “তোমালোকে অৱশ্যেই নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব।”
ঈশ্বৰে নিজেই আমাক পালন কৰিবলৈ আজ্ঞা দিয়া নিস্তাৰ-পৰ্ব্ব, মানুহৰ কৰ্তৃত্বৰ দ্বাৰা কেতিয়াও বিলুপ্ত কৰিব নোৱাৰি। যিদৰে মিচৰত দীৰ্ঘদিন ধৰি দাসত্বত থকা ইস্ৰায়েলীসকলে নিস্তাৰ-পৰ্ব্বৰ যোগেদি মুক্তি লাভ কৰিছিল, ঠিক সেইদৰে মৃত্যুৰ শিকলিৰে বান্ধ খাই থকা সকলো মানৱজাতিৰ বাবে মুক্তিৰ একমাত্ৰ পথ হৈছে নিস্তাৰ-পৰ্ব্বৰ সত্য।
পাছে খমিৰ নোহোৱা পিঠাৰ দিন, অর্থাৎ যি দিনা নিস্তাৰ-পৰ্ব্বৰ মেৰ বলি দিব লাগে,. . . . পাছে সময় হ'লত, তেওঁ পাঁচনিবিলাকে সৈতে ভোজনত বহিল। তেতিয়া তেওঁ তেওঁলোকক ক'লে, “মোৰ দুখ ভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ-পৰ্ব্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ।” লূক ২২:৭–১৫
যীচুৱে তেওঁবিলাকক ক'লে, “মই তোমালোকক অতি স্বৰূপকৈ কওঁ মানুহৰ পুত্ৰৰ মাংস নাখালে, আৰু তেওঁৰ তেজ পান নকৰিলে, তোমালোকৰ নিজত জীৱন নাই। যি জনে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, সেই জনৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” যোহন ৬:৫৩–৫৪
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy