ইস্ৰায়েলীসকলৰ যাত্ৰাৰ সময়ত, সমগ্ৰ মিচৰ দেশত দুৰ্যোগ নামিছিল, কিন্তু ইস্ৰায়েলীসকলৰ ওপৰত কোনো দুৰ্যোগ অহা নাছিল। ঈশ্বৰৰ নিয়ম থকা আৰু নথকা স্থানৰ মাজত এয়াই আছিল প্ৰকৃত পাৰ্থক্য। ঈশ্বৰে এক মহান প্ৰতিজ্ঞা দিছে যে য’তেই তেওঁৰ আজ্ঞা—নতুন নিয়মৰ নিস্তাৰ-পৰ্ব্ব—পালন কৰা হ’ব, তেওঁৰ লোকসকল সোমাওঁতে আৰু ওলাওঁতেও আশীৰ্বাদিত হ’ব, আৰু তেওঁ তেওঁলোকক পৃথিৱীৰ সকলো জাতিৰ ওপৰত উচ্চ স্থান দিব।
যিচয়া, চফনিয়া আৰু পিতৰ ভাববাদীয়ে সাক্ষ্য দিয়ে যে এই পৃথিৱীত অগ্নিৰ এক বৃহৎ দুৰ্যোগ আহিব, কাৰণ জগতখনে নতুন নিয়ম পালন নকৰে, য'ত ঈশ্বৰৰ বিশ্ৰাম-দিন আৰু নিস্তাৰ-পৰ্ব্ব অন্তৰ্ভুক্ত। বাইবেলে সাক্ষ্য দিয়ে যে ঈশ্বৰৰ নিয়ম পালন কৰিলেহে মানৱজাতিয়ে পিতৃ খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰৰ সন্তান হ’ব পাৰে আৰু সকলো দুৰ্যোগৰ পৰা ঈশ্বৰৰ সুৰক্ষা লাভ কৰিব পাৰে।
তুমি যদি তোমাৰ ঈশ্বৰ যিহোৱাৰ বাক্যলৈ যত্নেৰে কাণ দি মই আজি তোমাক দিয়া তেওঁৰ আঠাই আজ্ঞা পালন কৰি, সেই মতে কাৰ্য্য কৰা, তেন্তে তোমাৰ ঈশ্বৰ যিহোৱাই পৃথিবীত থকা সকলো জাতিতকৈ তোমাক প্ৰধান কৰিব। আৰু তুমি নিজ ঈশ্বৰ যিহোৱাৰ বাক্যলৈ কাণ দিলে, এই সকলো আশীৰ্ব্বাদ তোমাৰ ওপৰত পৰিব, আৰু তোমাতে ফলিয়াব। . . . তুমি ভিতৰলৈ যোৱা সময়ত আশীৰ্ব্বাদ পাবা, আৰু বাহিৰলৈ অহা কালতো আশীৰ্ব্বাদ পাব। দ্বিতীয় বিবৰণ ২৮:১–৬
“আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁবিলাকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’?’ ...তেতিয়া তুমি তেওঁবিলাকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্ব-পুৰুষবিলাকে মোক ত্যাগ কৰিলে, আৰু. . . মোৰ ব্যৱস্থা পালন কৰিলে।” যিৰিমিয়া ১৬:১০–১১
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy