যেতিয়া ঈশ্বৰৰ সন্তানসকলে তেওঁৰ শিক্ষা অনুসৰি জগতৰ নিমখ আৰু পোহৰ হৈ, তেওঁলোকৰ ভাল কৰ্মৰ দ্বাৰা ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আৰু নতুন নিয়মৰ সত্যতাৰে মানৱজাতিক ঈশ্বৰৰ কোলালৈ পৰিচালিত কৰে, তেতিয়া ঈশ্বৰ সন্তুষ্ট হ’ব আৰু যিদিনা তেওঁলোকে তেওঁৰ সন্মুখত থিয় হ’ব, সেইদিনা তেওঁলোকক উপচি পৰা আশীৰ্বাদ প্ৰদান কৰিব।
যদি আমি পবিত্ৰ আত্মাৰ যুগত খ্ৰীষ্ট আনছাংহোং আৰু যিৰূচালেম স্বৰ্গীয় মাতৃক গ্ৰহণ কৰিছোঁ, তেন্তে এতিয়াৰ পৰা আমি জগতৰ পৰা শিকা দুষ্ট অভ্যাসবোৰ ত্যাগ কৰি খ্ৰীষ্টান হিচাপে নতুন পুৰুষক পিন্ধিব লাগিব। এই জগতখনে ক্ৰমান্বয়ে নিজৰ ঈশ্বৰভক্তি হেৰুৱাই বিকৃত আৰু দুষ্ট হৈ পৰাৰ লগে লগে, আমি উপলব্ধি কৰিব লাগিব যে নোহ আৰু লোটৰ দিনৰ দৰেই ঈশ্বৰৰ বিচাৰৰ দিন ওচৰ চাপি আহিছে, আৰু আমি অধিক ঈশ্বৰীয় জীৱন-যাপন কৰিব লাগিব।
এতেকে, হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ যে, তোমালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা। আৰু তোমালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। ৰোমীয়া ১২:১–২
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy